জনতাৰ কণ্ঠ: ডিফু সমষ্টিৰ উন্নয়নৰ খাতিয়ান

By

Published : Mar 12, 2021, 1:56 PM IST

Updated : Mar 13, 2021, 6:16 PM IST

thumbnail

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ সমষ্টি হ’ল পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ১৯ নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টি ৷ বিগত ৫ টা বছৰে সমষ্টিটোত বিজেপিৰ হৈ বিধায়ক ছুম ৰংহাঙে প্ৰতিনিধিত্ব কৰি আহিছে যদিও শেহতীয়াকৈ বিজেপিৰ পৰা টিকট নাপাই কংগ্ৰেছত যোগদান কৰিছে ছুম’ ৰংহাঙে ৷ বিগত 5 বছৰে বিধায়ক জনৰ পৰা কি পালে সমষ্টিৰ ৰাইজে ৷ সমষ্টিৰ উন্নয়নক লৈ কিমান আশ্বস্ত স্থানীয় ৰাইজ ! তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদন...

Last Updated : Mar 13, 2021, 6:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.