নলবাৰী সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ

By

Published : Mar 21, 2021, 7:22 PM IST

Updated : Mar 21, 2021, 8:50 PM IST

thumbnail

ৰাজ্যৰ এটা এতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 59 নং নলবাৰী বিধানসভা সমষ্টি ৷ বিজেপি দলৰ হাতত থকা সমষ্টিতো বিধায়ক অশোক শৰ্মাৰ হাতত আছিল যদিও এইবাৰ বিধায়ক অসোক শৰ্মাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক টিকট প্ৰদান কৰিছে ৷ সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা 2,03,677 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1,05,508 আৰু মহিলা ভোটাৰৰ সংখ্যা 98,169 গৰাকী ৷ 2016 ত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অশোক শৰ্মাই 99,131 টা ভোট লাভ কৰি মুঠ 53,044 টা ভোটত জয়লাভ কৰিছিল ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই 46,087 টা ভোট লাভ কৰিছিল ৷ বিগত পাঁচ বছৰত শিক্ষাৰ নৱদ্বীপ নলবাৰীত কি উন্নয়ন হ'ল ? নিবনুৱা সমস্যাই গ্ৰাস কৰা সমষ্টিটোত নাই এটাও বৃহৎ উদ্যোগ ৷ বানৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে ভৰপূৰ সমষ্টিটোত কি উন্নয়ন আনিলে অশোক শৰ্মাই ? কি বিচাৰে নলবাৰী সমষ্টিৰ সাধাৰণ ভোটাৰে ? সকলো দিশ সামৰি সবিশেষ চাওক এই সংখ্যাৰ জনতাৰ কণ্ঠ-

Last Updated : Mar 21, 2021, 8:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.