ধুবুৰীৰ অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ঘোষণা গ্ৰাম্য জীৱিকা সখীৰ

By

Published : Feb 9, 2022, 2:28 PM IST

thumbnail

পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সপ্তাহজোৰা আন্দোলনৰ পিছত এইবাৰ অনিৰ্দিষ্ট কালৰ বাবে কৰ্ম বিৰতি ঘোষণা কৰিলে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানত কৰ্মৰত জীৱিকা সখীসকলে (Indefinite Break Declaration of Rural Livelihood Sakhi)। মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো কৰ্মবিৰতি আৰম্ভ কৰিলে প্ৰায় দুশগৰাকী গ্ৰাম্য জীৱিকা সখীয়ে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ প্ৰতিটো ব্ল’কত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিত কৰ্মচাৰীয়ে 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী লৈ বিভিন্ন দাবী উত্থাপন কৰি অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Protest with various demands of Rural Livelihood Sakhi ) ৷ প্ৰতিগৰাকী সখীক একোটাকৈ লেপটপ, মাহিলী বেতন পোন্ধৰ হেজাৰ টকালৈ বৃদ্ধি কৰা, বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদানৰ লগতে চাৰিদফীয়া দাবী পূৰণৰ বাবে মঙলবাৰে ধুবুৰী জিলাৰ প্ৰায় দুশগৰাকী জীৱিকা সখীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ধুবুৰী কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰেই তেওঁলোকৰ এই দাবী আৰু সমস্যাসমূহ সমাধান কৰিবলৈ জীৱিকা সখীসকলে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.