মিছামাৰীৰ গৰুবন্ধাত অবৈধ অৰুণাচলী সুৰা জব্দ আৰক্ষীৰ

By

Published : Jun 23, 2021, 8:46 PM IST

thumbnail

শোণিতপুৰৰ মিছামাৰীত আৰক্ষীৰ অবৈধ অৰুণাচলী সুৰা(Illegal Arunachali liquor)ৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষীৰ এই অভিযানত মিছামাৰীৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা(Arunachali liquor) জব্দ কৰিবলৈ সক্ষম মিছামাৰী আৰক্ষী(Misamari Police) । উল্লেখ্য যে, মিছামাৰী আৰক্ষী থানা(Misamari Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন্দ্ৰ ৰাউতে বুধবাৰে পুৱা গৰুবন্ধাত এখন বলেৰ’ গাড়ীৰ পৰা অৰুণাচলী সুৰাখিনি জব্দ কৰে । জব্দ কৃত অৰুণাচলী সুৰাখিনি চতিয়াৰ পূৰ্ণ কুৰ্মী আৰু মনোজ ভূঞাই চিজুছাৰ পৰা অবৈধভাৱে গৰুবন্ধালৈ আনিছিল । মিছামাৰীত একাংশ লোকে আবকাৰী বিভাগ(Excise Department)ক উৎকোচ দি অৰুণাচলী সুৰা(Arunachali liquor) ৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.