নগাঁৱৰ ধিঙত শক্তিশালী দুটা বিস্ফোৰক IED উদ্ধাৰ

By

Published : Sep 23, 2021, 4:44 PM IST

thumbnail

ধিঙৰ ‌টুকটুকি ৰৌমাৰিত দুটাকৈ শক্তিশালী IED উদ্ধাৰ । মাইনুল হক নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছে IED দুটা । বুধবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে মাইনুল হকৰ ঘৰত তালাচী চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল বিস্ফোৰক IED । কিন্তু ৰহস্যজনকভাৱে বৃহস্পতিবাৰে পুৱা মাইনুলৰ পৰিয়ালৰ লোকে খেৰঘৰত এটা মোনাৰ ভিতৰত উদ্ধাৰ কৰে IED দুটা । তাৰপাছতে স্থানীয় আহোম গাঁও আৰক্ষীক খবৰ দিয়াত IED দুটা থানালৈ লৈ আহে । এই সমগ্ৰ বিষয়টোৰ লগত ৰফিকুল ইছলাম, হবিবুৰ ৰহমান, আব্দুল মন্নাছ আৰু ছাইফুল ইছলাম জড়িত থকাৰ কথা প্ৰকাশ কৰিছে মাইনুল হক আৰু স্থানীয় লোকে । ভূমিকেন্দিক সংঘাতৰ বাবেই পৰিকল্পিতভাৱে মাইনুলহকৰ ঘৰত IED ৰাখি অপৰাধী সজোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । পূৰ্ব্বেও এইকেইজন লোক অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধৰ লগত জড়িত আৰু এইকেইজনৰ বিৰুদ্ধে বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজুহৈ থকা বুলি জানিব পৰা হৈছে । বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.