গৰুখুটিৰ হিংসাত্মক ঘটনাত আৰক্ষীসহ আহত 11 গৰাকী GMCH ত চিকিৎসাধীন

By

Published : Sep 24, 2021, 8:43 PM IST

thumbnail

ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ অন্তৰ্গত ৩নং ধলপুৰত আৰক্ষী-বেদখলকাৰীৰ মুখামুখি সংঘৰ্ষত ৩ জনকৈ লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ৩ গৰাকী আৰক্ষীৰ লোক আৰু ৮ গৰাকী উচ্ছেদিত লোক জি এম চি এইচত চিকিৎসাধীন হৈ আছে । ইপিনে, জি এম চি এইচত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে চিকিৎসাধীন সকলোৰ স্বাস্থ্য বুজ লয় ৷ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কয়, যড়যন্ত্ৰ ৰচনা কৰি প্ৰশাসন যন্ত্ৰক নিঃশেষ কৰিবলৈ যিটো প্ৰক্ৰিয়া সেইটো ভয়ংকৰ প্ৰক্ৰিয়া । ৮৩ ত যিদৰে ১১ গৰাকী খিলঞ্জীয়া যুৱকক হত্যা কৰিছিল এইবাৰো প্ৰশাসন যন্ত্ৰটোক বিবুদ্ধিত পেলায় হত্যাৰ যি ষড়যন্ত্ৰ কৰিছে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.