কান্ধত ঢোল লৈ বিহুৰ আখৰাত ব্যস্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈ

By

Published : Apr 11, 2021, 8:51 AM IST

thumbnail

অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাজ্য জুৰি প্ৰস্তুতি তুংগত উঠিছে । টীয়কৰ কাকজান ফুটবল কচিং চেন্টাৰৰ খেলুৱৈসকলে খেলৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত । কান্ধত ঢোল লৈ বিহু গাইছে ভাৰতীয় মহিলা ফুটবল দলৰ গ’ল ৰক্ষক অঞ্জনা শইকীয়াই ৷ লগতে কেইবাগৰাকীও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সকলো আত্মহাৰা হৈ ৰঙালীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে । খেলৰ সমান্তৰালকৈ আপোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়াৰ স্বাভিমান নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ বুলি মন্তব্য কৰিছে বিশিষ্ট খেলুৱৈগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.