Operation against drugs: বিলাসীপাৰাত হেৰ'ইনসহ নিচা জাতীয় টেবলেট জব্দ

By

Published : Feb 4, 2022, 6:55 PM IST

thumbnail

ৰাজ্যত নিৰন্তৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Assam government launches war on drugs) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে (Operation against drugs) ৷ ইফালে বিলাসীপাৰাত বৰ্তমানেও অব্যাহত আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ মাফিয়াই বিভিন্ন কৌশলেৰে বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত দিনে নিশা চলাই গৈছে নিষিদ্ধ ড্ৰাগছৰ বেহা । এইসমূহ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে বিলাসীপাৰাৰ নয়াহাটত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ'ইন (Heroin Seized at Bilasipara) সহ নিচা জাতীয় টেবলেট জব্দ কৰে (Psychotropic Drugs Seized at Bilasipara) ৷ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে (Drug smuggler arrested by Bilasipara police) ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে, মফিজুল ৰহমান ওৰফে ৰিংকু আৰু ওৱাহিদুৰ ইছলাম ৷ জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ী দুজনে চলাই আছিল ড্ৰাগছৰ এক ৰমৰমীয়া বেহা ৷ ইতিমধ্যে দুয়োজন ড্ৰাগছ ব্যৱসায়ীক জেল হাজতলৈ প্ৰেৰণ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.