নাই দলং : টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত

By

Published : Jul 23, 2021, 1:09 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈত মৰণত শৰণ দি টুলুঙা নাৱেৰেই যাতায়াত কৰিব লগা হৈছে ৰাইজে । বছৰ বছৰ ধৰি বেকী নৈৰ সুঁতিত দলং এখন নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছিল স্থানীয় ৰাইজে ৷ কিন্তু কোনো এখন চৰকাৰেই দলং খন নিৰ্মাণ কৰি নিদিয়াত এতিয়া মৰণক শৰণ দি টুলুঙা নাৱেৰেই যাতায়াত অব্যাহত ৰাখিছে ৷ বিগত কেইবছৰমান পূৰ্বে বৰপেটাৰ সাংসদ আব্দুল খালেকে নিৰ্মাণ কৰি দিয়া মথাউৰিটো বানে উটুৱাই নিয়াৰ পিছৰে পৰাই এইদৰে দৈনিক শ-শ লোকে টুলুঙা নাৱেৰেই ইপাৰ-সিপাৰ হ'বলগীয়া হৈছে । এনে বিপদ সংকুল যাত্ৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ কেতিয়াবা বহু লোকৰ মৃত্যু হ'ব তাকলৈ শংকিত হৈছে ৰাইজ । সেয়ে অতি শীঘ্ৰে এখন দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.