মূল্যবৃদ্ধি ৰোধৰ লগতে কেইবাটাও দাবীৰে CPI(M)ৰ প্ৰতিবাদ

By

Published : Sep 22, 2021, 2:56 PM IST

thumbnail

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(Price Hike) হ্ৰাস কৰাৰ দাবীৰে গুৱাহাটী মহানগৰীত CPI(M)ৰ উত্তাল প্ৰতিবাদ(Protest) সাব্যস্ত ৷ খাদ্যসামগ্ৰী তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক, পেট্ৰ’ল-ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস কৰক, আয়কৰৰ আওতাত নপৰা সকলো লোকক বিনামূলীয়াকৈ চাউল, আটা, মিঠাতেল, চেনি, নিমখ আদি খাদ্যৰ টোপোলা যোগান ধৰক, লকডাউনত বিপৰ্যস্ত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰক, পৰ্যাপ্ত ভেকচিন যোগান ধৰি সকলোকে ভেকচিন দিয়াতো নিশ্চিত কৰক, ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ বন্ধ কৰক আদি শ্ল’গানেৰে চিপিআই(এম)য়ে উত্তাল কৰি তোলে গুৱাহাটী ক্লাৱ ৰ’টাৰীৰ চৌপাশ ৷ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰীলৈ 10 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.