তৰুণ গগৈৰ মৃত্যুত শৰৎ বৰকটকীৰ শোক

By

Published : Nov 24, 2020, 1:10 PM IST

Updated : Nov 25, 2020, 4:33 PM IST

thumbnail

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে 86 বছৰ বয়সত দেহাৱসান ঘটে ৷ গগৈৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কলেজীয়া দিনৰে বন্ধু তথা ৰাজনৈতিক সহযোগী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ উপ-সভাপতি শৰৎ বৰকটকীৱে গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা একেধাৰে তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা তৰুণ গগৈৰ বিয়োগে শোকস্তব্ধ কৰি তুলিছে গগৈ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক ৷ বৰকটকীয়ে গগৈৰ মন্ত্ৰীসভাৰ শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ তৰুণ গগৈৰ মৃত্যুত ৰাজ্যবাসীয়ে এগৰাকী সুদক্ষ ৰাজনীতিবিদ,প্ৰতিভাৱান নেতা হেৰুৱালে বুলি গভীৰ শোক প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে ৷

Last Updated : Nov 25, 2020, 4:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.