দক্ষিণপাট সত্ৰৰ ১৮১ সংখ্যক ৰাস মহোৎসৱ উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Nov 19, 2021, 8:45 AM IST

thumbnail

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে দক্ষিণপাট সত্ৰৰ ১৮১ সংখ্যক ৰাস মহোৎসৱত উপস্থিত হয় । এই ১৮১ সংখ্যক ৰাস মহোৎসৱত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যবান বুলি সাংবাদিকৰ আগত কয় মুখ্যমন্ত্রী গৰাকীয়ে । ইফালে সাংবাদিকৰ আগত তেওঁ আৰু কয় যে, এই বছৰ ক'ভিডৰ বাবে কেইদিনমানৰ আগলৈকে ৰাস পাতিব পৰা যাব নে নাযায় সেইটো সিদ্ধান্ত ল'ব পৰা হোৱা নাছিল ৷ কিন্তু এতিয়া পৰিবেশ অলপ সুস্থিৰ হৈছে যদিও ক'ভিড প্রট’কল মানি ৰাস আয়োজন কৰিব পৰা হৈছে । যদি ক'ভিডৰ তৃতীয় ঢৌ নাহে, তেন্তে অহা বছৰ ৰাসক প্রচাৰ আৰু প্রসাৰত আৰু অধিক গুৰুত্ব দিব বুলি কয় মুখ্যমন্ত্রী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.