আঙুৰলতা ডেকাক অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে

By

Published : Dec 7, 2020, 10:56 PM IST

thumbnail

আঙুৰলতা ডেকা সন্দৰ্ভত অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে ৷ 5 ডিচেম্বৰ তাৰিখে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা সন্দৰ্ভত বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কৰিছিল আপত্তিজনক মন্তব্য ৷ যাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অৱশেষত বিধায়ক কমল সিং নাৰ্জাৰীয়ে নিজৰ উক্ত অশালীন মন্তব্যৰ বাবে মাতৃ সমাজ আৰু আঙুৰলতা ডেকাৰ ওচৰত ক্ষমা বিচাৰে ৷ বিধায়কগৰাকীয়ে ভৱিষ্যতে তেনে মন্তব্য নকৰে বুলিও প্ৰতিজ্ঞাবদ্ধ হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.