মুখ্যমন্ত্ৰীক গৰুৰে ৰিজনি দিয়া গিৰিশ বৰুৱাৰ বিৰুদ্ধে গোচৰ দাখিল

By

Published : Aug 16, 2021, 8:49 PM IST

thumbnail

সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অপমান কৰা বঙাইগাঁৱৰ গিৰিশ বৰুৱাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ দাখিল ৷ মুখ্যমন্ত্ৰী গৰাকীক কৰা অপমানৰ বিৰুদ্ধে সৰুক্ষেত্ৰীৰ বিজেপি কৰ্মীয়ে দাখিল কৰিছে এই গোচৰ ৷ প্ৰাপ্ত খবৰ মতে,গিৰিশ বৰুৱাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক গৰুৰে ৰিজাই এটা ব্যংগাত্মক পোষ্ট দিছিল ৷ উক্ত ঘটনাৰ বিৰুদ্ধে বিজেপি কৰ্মী সকলৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভ তথা প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে,ইয়াৰ কেইদিনমান পূৰ্বে ঈদৰ সময়ত ৰঙিয়াৰ এগৰাকী যুৱতীয়ে মুখ্যমন্ত্ৰীক গো-মাংসৰ টোপোলা উপহাৰ দিম বুলি সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি ৰাইজৰ ৰোষত পৰিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.