ক’ভিডৰ সৈতে যুুঁজ দিবলৈ সাজু বিশ্বনাথৰ বাঘমৰী চাহ বাগিচাৰ কৰ্তৃপক্ষ

By

Published : May 17, 2021, 5:04 PM IST

thumbnail

বিশ্বনাথ জিলাৰ বাঘমৰী চাহ বাগিচাৰ বাগিচা কৰ্তৃপক্ষই ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে সাজু হৈছে ৷ ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ । জিলাখনত বৰ্তমান সময়লৈকে ১,০৯৭ জন লোকৰ দেহত কভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে ৷ আনহাতে বিশ্বনাথৰ চাহ বাগিচা সমূহত কৰ’ণাৰ সংক্ৰমণ যাতে হ’ব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে বাগিচা সমূহৰ কৰ্তৃপক্ষ । ইফালে বাঘমৰী চাহ বাগিচাৰ কৰ্তৃপক্ষ সাজু হৈছে ক’ভিডৰ সৈতে যুজঁ দিবৰ বাবে । বাঘমাৰী বাগিছাৰ চিকিৎসালয়খনত বৰ্তমান সময়লৈকে ২৫ খন বেড সাজু কৰি ৰখা হৈছে বুলি চাহ বাগিচাৰ মুখ্য প্ৰৱন্ধক তথা পৰিচালক বি বি ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে । লগতে পৰিচালক গৰাকীয়ে প্ৰতিজন শ্ৰমিকক মাস্ক, ছেনিটাইজাৰৰ লগতে সজাগতা নিৰৱছিন্ন ভাৱে চলাই থকাৰ কথা প্ৰকাশ কৰে । আনহাতে শ্ৰমিক সকলেও এই সজাগতাৰ প্ৰতি গুৰুত্ব দিয়া বুলি মন্তব্য কৰে বি বি ভট্টাচাৰ্য্যই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.