চাহ জনগোষ্ঠীয় লোকক প্ৰধানমন্ত্ৰীৰ সভা বৰ্জনৰ আহ্বান আটছাৰ

By

Published : Feb 6, 2021, 5:45 PM IST

thumbnail

৭ ফেব্ৰুৱাৰীত অৰ্থাৎ সোমবাৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে জাঙুৰ খাই উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সংগঠন চমুকৈ আটছাই ৷ দীৰ্ঘসময় ধৰি কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাক আওকাণ কৰি আহিছে ৷ কিন্তু নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ পূৰ্বেই এতিয়া বিজেপি চৰকাৰখনে চাহ শ্ৰমিকসকলক বিভিন্ন সাহাৰ্য প্ৰদানেৰে চমক সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ আটছাৰ ৷ বিজেপি চৰকাৰৰ এই চৰম অবহেলাৰ প্ৰতিবাদতে 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ সভাত চাহ জনগোষ্ঠীয় লোকসকলক অংশগ্ৰহণ নকৰাৰ বাবে আহ্বান জনাইছে আটছাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.