নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

By

Published : May 24, 2021, 2:21 PM IST

thumbnail

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিৰোধী পক্ষক সদায় অৱহেলা কৰিয়েই চলিছিল । আনকি হিতাধিকাৰী বাচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰালৈকে‌ সকলোতে বিৰোধীক এৰাই‌ চলা হৈছিল আৰু এচাম নপতা‌ ফুকনৰ জন্ম দিয়া হৈছিল । এইবাৰৰ চৰকাৰখনে যাতে বিৰেধীক বিশ্বাস আৰু আস্থাত‌ লয় আৰু তেনেধৰণৰ নপতা ফুকনৰ জন্ম নিদিয়ে । বিধানসভা অধিবেশনৰ অন্তিম দিনা সদনৰ‌ মজিয়াত সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কত ভাগ লৈ বিৰোধী দলপতিগৰাকীয়ে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ বাবে বিনামূলীয়া ক'ভিড প্ৰতিষেধকৰ ব্যৱস্থা তাৎক্ষণিকভাৱে কৰিবলৈও চৰকাৰক আহ্বান জনায় । আনহাতে, বিজেপিয়ে ইতিপূৰ্বে প্ৰকাশ কৰা দহ বছৰীয়া ভিজন ডকুমেন্টৰ কিমানখিনি প্ৰতিশ্ৰুতি যোৱা পাঁচ বছৰীয়া শাসনকালত সম্পূৰ্ণ কৰিলে তাৰ এক স্বেতপত্ৰ প্ৰকাশ কৰিবলৈও সদনত দাবী উত্থাপন কৰে শইকীয়াই । একেদৰে, অসম চুক্তি ৰূপায়ণ বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত ৰাজ্যপালে তেওঁৰ ভাষণত কোনো কথা উল্লেখ নকৰাটো দুৰ্ভাগ্যজনক বুলিও বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.