জনীয়া সমষ্টিত জয় এআইইউডিএফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ

By

Published : May 3, 2021, 2:28 PM IST

thumbnail

জনীয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে ১,৫৫,৯১৭ টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় । ড৹ ৰফিকুল ইছলামৰ প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী স্বহিদুল ইছলামে ১১,৩৫৩ টা ভোট পাবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্য খনৰ ভিতৰত সৰ্বাধিক ১,৪৪,৫৬৪ টা ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ড৹ হাফিজ ৰফিকুল ইছলাম । এই ক্ষেত্ৰত জনীয়া সমষ্টিবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে । কৰ'ণা মহামাৰীৰ বিৰুদ্ধে চৰকাৰ, বিৰোধী, প্ৰশাসন আৰু সৰ্বস্তৰৰ ৰাইজ সকলোৱে একেলগ হৈ যুঁজ দিয়াৰ আহ্বান জনায় নৱ নিৰ্বাচিত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.