আধাৰ কাৰ্ড-পান কাৰ্ড লৈ ৰাজ্যজুৰি চলিছে প্ৰৱঞ্চনা !

By

Published : Oct 28, 2021, 5:20 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাপুৰত ঠগ-প্ৰলোভনকাৰীৰ কৱলত একাংশ দুখীয়া- দৰিদ্ৰ লোক। উল্লেখযোগ্য যে, শওঁপুৰ গাঁৱৰ শ্বামীম আশ্ৰাব (মুন), জাহাংগীৰ আলম আৰু বালিকুৰি গাঁৱৰ শ্বামীম নামৰ তিনিজন ব্যক্তিয়ে প্ৰায় ২০-২৫ জন লোকক চৰকাৰী আঁচনিৰ লোভ দেখুৱাই আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল OTP নম্বৰ সংগ্ৰহ কৰিছিল ৷ ইয়াৰ পিছত লোক সকলৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰৱঞ্চক কেইজনে তেওঁলোকৰ নামত লোন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভৱিষ্যতে যাতে কোনো বিপদৰ সন্মুখীন নহয় তাৰ বাবে বৃহস্পতিবাৰে কলগাছিয়া আৰক্ষী থানাত ভুক্তভোগী লোক সকলে এখন এজাহাৰ দাখিল কৰে । ইয়াৰ লগতে ঠগ-প্ৰবঞ্চক সকলক আৰক্ষীয়ে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সম্প্ৰতি তেওঁলোকে আৰক্ষীক আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.