বঙাইগাঁৱত 4 বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ

By

Published : Oct 9, 2021, 7:35 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা । ৮ বছৰীয়া শিশুক চল চাতুৰিয়ে ফুচুলাই যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ৰাইজৰ ৰোষত পৰিছে লম্পট সন্তেশ্বৰ ৰায় । উল্লেখযোগ্য যে, পাতিলাদহা বজাৰত অৱস্থিত ভাৰতীয় মৰাপাট নিগমত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লম্পট সন্তেশ্বৰ ৰায়ে দীৰ্ঘদিন ধৰি ওচৰৰ এটা পৰিয়ালৰ ওপৰত দিছিল কুদৃষ্টি । পূৰ্ৱতে কেইবাবাৰো পৰিয়ালটোৰ বাথৰুমত ফুটা কৰি মহিলাই গাধোৱা দৃশ্য চাই থাকোতে হাতে লোটে ধৰাত পৰিছিল । জানিব পৰা মতে, সেই সময়তে নিগমৰ প্ৰৱন্ধক জনে লম্পটটোক কাণত ধৰি উঠা বহা কৰাই শাস্তি বিহিছিল । সেইবোৰ কাণ্ডৰ পিছতো পুনৰ সেই পৰিয়ালৰ ৮ বছৰীয়া শিশুক পূজাৰ কাৰণে টকাৰ প্ৰলোভন দি ফুচলীয়াই আনি যৌন নিৰ্যাতনৰ চেষ্টা চলায় । লম্পট ৰায়ৰ এনে অভিসন্ধি শিশুজনীৰ মাক দেউতাকে পম পোৱাৰ পাছতে ৰাইজক অৱগত কৰে আৰু এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় । আনহাতে ঘটনাৰ খবৰ পাই মানিকপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সন্তেশ্বৰ ৰায়ক আটক কৰি থানাত লৈ যায় । সম্প্ৰতি ৰাইজে লম্পটোক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.