জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ

By

Published : Sep 23, 2021, 10:38 PM IST

thumbnail

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে শাসনৰ গাদীত বহিয়েই নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি ছয় জনগোষ্ঠীক চৰম বিশ্বাসঘাতকতা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাযাব বুলি যি ভাষ্য প্ৰদান কৰে ইয়ে বিজেপি দল আৰু চৰকাৰৰ ছয় জনগোষ্ঠীৰ প্ৰতি থকা প্ৰকৃত মনোভাৱ প্ৰকাশ পাইছে বুলি মন্তব্য কৰে আটাছুৱে । এইদৰে বাৰম্বাৰ অসমৰ ছয় জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে চৰম প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহাৰ প্ৰতিবাদত আটাছু ডিব্ৰুগড় জিলা সমিতিৰ আহ্বান ৰ্মমে বৃহস্পতিবাৰে দুলীয়াজান আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাই দুলীয়াজানৰ পিপলতল তিনিআলিত ২ ঘণ্টীয়া প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি চৰকাৰক সকিয়াই দিয়ে যে জনজাতিকৰণ বিষয়টোক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ কোনো এখন চৰকাৰে ভেকো-ভাওনা নকৰি সদিচ্ছাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.