বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ বাসগৃহত নামনিৰ বিধায়কৰ দল

By

Published : Sep 27, 2021, 4:56 PM IST

thumbnail

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াৰ বাসগৃহত দেওবাৰে উপস্থিত হয় অসম বিধানসভাৰ নামনিৰ বিধায়কৰ দল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাহিত্য-সংস্কৃতি আৰু অন্যান্য উন্নয়ন পৰিদৰ্শন কৰিবলৈ দিগন্ত কলিতাৰ নেতৃত্বত নামনিৰ বিধায়কৰ দলে ডিব্ৰুগড়ৰ বগীবিল ক’লী আই থানকে আদি কৰি অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ পাছতে বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় ৷ প্ৰায় এঘন্টাৰো অধিক সময় সাহিত্য-সংস্কৃতিৰ ওপৰত আলোচনা কৰি শইকীয়াৰ পৰা উপদেশ গ্ৰহণ কৰি আপ্লুত হৈ ড৹ নগেন শইকীয়াৰ পৰা আৰ্শীবাদ লয় বিধায়কৰ দলটোৱে ৷ সম্পূৰ্ণ ৰাজনীতিৰ পৰা আঁতৰি আহি তেখেতৰ পৰা উপদেশ ল'বলৈ অহা সৰ্বদলীয় বিধায়ক সকলক কাষতে পায় আনন্দিত হৈ পৰে ড৹ শইকীয়া ৷ তেওঁ নামনিৰ বিধায়ক সকলৰ লগতে অসম সচিবালয়ৰ বিষয়া আৰু কৰ্মচাৰী সকলক উপদেশ দিয়ে ৷ আনহাতে তিনিদিনীয়া কাৰ্যসূচী লৈ উজনি অসম ভ্ৰমণ কৰা দলটোৱে ডিব্ৰুগড়ৰ ঐতিহাসিক ক’লী আইথানৰ সমীপত আইথান প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, সৰভোগ সমষ্টিৰ মনোৰঞ্জন তালুকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আহমেদ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু উদৰবন্দ সমষ্টিৰ মিহিৰ কান্তি সোম সহ সচিবালয়ৰ কেইবাজনীয়া দলে পঞ্চায়তৰ উন্নয়নৰ খাতিয়ানৰ লগতে ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.