নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল শ্ৰমিক কঢ়িওৱা বাহন, 2 জনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 11:58 AM IST

thumbnail

কাছাৰ, 21 জানুৱাৰী: মিজোৰামৰ ভাইৰেন্টিত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল শ্ৰমিক কঢ়িওৱা এখন বলেৰো পিকআপ বাহন । ঘটনাস্থলীত দুই শ্ৰমিকৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হৈছে 4 জনকৈ শ্ৰমিক ৷ 

জানিব পৰা মতে, শিলচৰৰ পৰা কেইবাজনো শ্ৰমিকক লৈ মিজোৰামৰ উদ্দেশ্যে ৰাওনা হৈছিল এখন বলেৰো পিকআপ বাহন । মিজোৰামৰ ভাইৰেন্টিত উপস্থিত হোৱাৰ পাছতে শ্ৰমিক কঢ়িওৱা বাহনখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 350 ফুট দখাৱৈত বাগৰি পৰে । ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই শ্ৰমিকৰ । 

লগতে গুৰুতৰভাৱে চাৰিজনকৈ শ্ৰমিক আহত হয় বুলি জানিব পৰা গৈছে । আহতসকলক স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে । ইপিনে মৃত দুই শ্ৰমিক কাছাৰৰ লক্ষীপুৰ চিৰিপাৰৰ চাদ্দাম হুছেইন আৰু মণিপুৰৰ বিষ্ণুপুৰৰ গুলমেই গাইলেনগাম বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অৰুণাচলৰ পথ দুৰ্ঘটনাত অসমৰ 5 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.