Death Threat Minister Atul Bora:মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:21 PM IST

Updated : Nov 16, 2023, 2:21 PM IST

thumbnail

আমগুৰি, ১৬ নৱেম্বৰ : মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া যুৱকক আটক । কিছুদিন পূৰ্বে সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া হৈছিল মন্ত্ৰী অতুল বৰাক । এজন যুৱকে আলফা কেডাৰৰ সদস্য বুলি ফেচবুকত কমেণ্ট কৰি মন্ত্ৰীজনক দিছিল হত্যাৰ ভাবুকি ৷

অৱশেষত শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে হত্যাৰ ভাবুকি দিয়া যুৱকজনক । যুৱকজনৰ ঘৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত বামুন মৰাণ গাঁৱত বুলি জানিব পৰা গৈছে । নিপ প্ৰতীম বৰুৱা নামৰ 31 বছৰীয়া যুৱকজনক নিশাই আৰক্ষীয়ে নিজা বাসগৃহৰ পৰা আটক কৰে । ভাৰতীয় ষ্টেট বেংকৰ চাকৰি এৰি লোক নিৰ্মাণ গৃহ বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে চাকৰি কৰি আছিল আটক হোৱা যুৱকজনে ৷

শাণ্ডিল্য উপাধিৰে ফেচবুকত একাউণ্ট খুলি পৰ্টেল এটাত সম্প্ৰচাৰিত বাতৰিৰ কমেণ্ট ছেকশ্যনত মন্ত্ৰীগৰাকীক ব’ম দি উৰুৱাই দিম বুলি পোষ্ট দিছিল যুৱকজনে । চি আই ডিয়ে নিজাববীয়াকৈ ৰুজু কৰা CID CASE NO:7/23 uc:120b/353/511/153a/506/507 and r/w sec:66/66f it act ৰ অধীনত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে । গৌৰীসাগৰ আৰক্ষীয়ে সদৰ আৰক্ষীৰ জিম্মালৈ যুৱকজনক প্ৰেৰণ কৰে । সদৰ আৰক্ষীয়ে চি আই ডিৰ হাতত যুৱকজনক অৰ্পণ কৰিব । চি আই ডি ৰ উলুবাৰীস্থিত কাৰ্যালয়লৈ লৈ যোৱা হ’ব নিপ প্ৰতীম বৰুৱাক ।

লগতে পঢ়ক : Death threats to Minister : কোনে প্ৰদান কৰিলে কৃষি মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি ?

Last Updated : Nov 16, 2023, 2:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.