Tense situation in Sonari: সোণাৰিৰ জাপিধৰাত সংকটজনক অৱস্থাত যুৱতী উদ্ধাৰ

By

Published : Oct 30, 2022, 1:04 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

সোণাৰিৰ জাপিধৰাত সংকটজনক অৱস্থাত যুৱতী উদ্ধাৰ (Young Girl found in critical condition)। কাকতিববাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপিধৰাৰ এগৰাকী যুৱতীক মূমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে । জানিব পৰা মতে সন্ধিয়া 5 বজাত ঘৰৰ ওচৰতে ফুৰিবলৈ ওলাই গৈছিল যুৱতীগৰাকী । কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত ঘৰৰ পাছফালে থকা পুখুৰীৰ পাৰত উদ্ধাৰ হয় যুৱতীগৰাকী । সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মূৰত আঘাতৰ চিন পোৱা গৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে । আনহাতে যুৱতীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.