Mysterious death case: ৰহস্যজনকভাৱে ৰিপুঞ্জয় গোস্বামীৰ ঘৰত উদ্ধাৰ প্ৰণীতাৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 8:58 AM IST

Updated : Nov 9, 2023, 1:35 PM IST

thumbnail

দৰং, 9 নৱেম্বৰ : মঙলদৈত অঘটন ৷ এগৰাকী বনকৰা মহিলাৰ আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ মহিলাগৰাকী মঙলদৈ কঁপালি বস্তিৰ প্ৰণীতা সৰকাৰ ৷

মঙলদৈ কঁপালি বস্তিৰ প্ৰণীতা সৰকাৰ নামৰ মহিলাগৰাকীয়ে বাসব নগৰৰ বিভিন্ন লোকৰ ঘৰৰ লগতে ৰিপুঞ্জয় গোস্বামী নামৰ লোকজনৰ ঘৰত মাজে মাজে কাম কৰিবলৈ আহিছিল । যিহেতু আনৰ ঘৰত কাম কৰিয়েই দুবেলা দুসাজ গোটাইছিল প্ৰণীতা সৰকাৰে ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, প্ৰায় 6/7 মাহৰ পৰা প্ৰণীতা সৰকাৰে ৰিপুঞ্জয় গোস্বামীৰ ঘৰত কাম কৰিবলৈ যোৱা নাছিল ৷ কাৰণ পূৰ্বৰ কাম কৰা পইচা পোৱা নাছিল প্ৰণীতা সৰকাৰে ৷ সেয়ে সেই কাম কৰাৰ পইচা বিচাৰি বুধাবাৰে প্ৰণীতা সৰকাৰ গৈছিল ৰিপুঞ্জয় গোস্বামীৰ ঘৰত ৷ কিন্তু বহু পৰলৈকে ৰিপুঞ্জয় গোস্বামীৰ ঘৰৰ পৰা প্ৰণীতা সৰকাৰ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খচাৰ আৰম্ভ কৰে ৷

বহু সময়ৰ অন্তত চিপ লৈ থকা অৱস্থাত ৰিপুঞ্জয় গোস্বামীৰ ঘৰৰ বাথৰুমত প্ৰণীতা সৰকাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৰাইজে ৷ প্ৰণীতা সৰকাৰ মৃতদেহটোলৈ লক্ষ্য কৰি স্থানীয় ৰাইজে এয়া এক হত্যাকাণ্ড বুলিহে দাবী কৰিছে ৷ আনকি প্ৰণীতা সৰকাৰক ধৰ্ষণ কৰি তাৰ পাচত হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ এই ঘটনাক কেন্দ্ৰ কৰি প্ৰণীতা সৰকাৰৰ পৰিয়াল তথা আত্মীয়ই পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইফালে বুধবাৰে নিশাই দৰঙৰ আৰক্ষী অধীক্ষকসহ মঙলদৈ থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

লগতে পঢ়ক : BJP leader found hanging: দুহাত বান্ধি গছত ওলোমাই থ’লে বিজেপি নেতাৰ মৃতদেহ

Last Updated : Nov 9, 2023, 1:35 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.