সৰুপথাৰত কন্যা শিশুসহ মহিলা নিৰুদ্দেশ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 1:13 PM IST

thumbnail

সৰুপথাৰ, ২৯ ডিচেম্বৰ: সৰুপথাৰৰ উৰিয়ামঘাটত এগৰাকী মহিলা শিশুসহ নিৰুদ্দেশ । বিগত তেৰটা দিনে সন্ধান নাই উৰিয়ামঘাট অঞ্চলৰ ধূপগুৰীৰ প্ৰতিভা বসুমতাৰী নামৰ এগৰাকী মহিলাৰ লগতে তেওঁৰ তিনিবছৰীয়া কন্যা সন্তান নন্দিনী বসুমতাৰীৰ। শিশুসহ মহিলা নিৰুদ্দেশৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে । কৰ্মসূত্ৰে মহিলাগৰাকীৰ স্বামী ভদ্ৰে বসুমতাৰী বহিঃৰাজ্যত থকাৰ বাবে মহিলাগৰাকী কিছুদিন ধৰি আছিল নিজ মাতৃৰ ঘৰত ।  

স্বামীৰ গৃহৰ পৰা মাতৃগৃহলৈ অহাৰ পিছৰ পৰাই নিৰুদ্দেশ হয় বুলি মহিলাগৰাকীৰ মাতৃ সাৱিত্ৰী খাকলাৰীয়ে জানিবলৈ দিয়ে । এটি তিনিবছৰীয়া কন্যা সন্তানসহ নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ স্বামীৰ ঘৰ উৰিয়ামঘাট অঞ্চলৰ ধূপগুৰী বুলি জানিবলৈ দিছে । মহিলাগৰাকীৰ মাতৃৰ ঘৰ উৰিয়ামঘাটৰ হাতীডুবী গাঁৱত বুলি জানিব পৰা গৈছে । তিনিবছৰীয়া নাতিনীয়েকক বিচাৰি বিচাৰি হাবাথুৰি খাইছে আইতাকে । অঞ্চলটোৰ বিভিন্ন প্ৰান্তত বিচাৰ-খোঁচাৰ কৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই শিশুটিৰ সৈতে মহিলাগৰাকীৰ । উক্ত ঘটনাৰ সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত লিখিতভাৱে জনাইছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । 

লগতে পঢ়ক: বিদ্যালয় আছে শিক্ষক নাই, অনুষ্ঠিত নহ'ল পৰীক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.