গোলাঘাটৰ বৰচাপৰিত বন্যহস্তীৰ আতংক

By

Published : Sep 25, 2022, 7:05 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে বিভিন্ন স্থানত খেতি পথাৰ খাই নষ্ট কৰা দেখা গৈছে (Wild elephants destroyed crops)। যাৰ ফলস্বৰূপে ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ সৃষ্টি হোৱাও দেখা গৈছে (Man elephant conflict)। ইয়াৰ মাজতে গোলাঘাট জিলাৰ বৰচাপৰিত এজাক বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে । হাতীৰ বৃহৎ জাকটোৱে আতংকিত কৰি তুলিছে ৰাইজক । শালিধানৰ পথাৰত মুক্তভাৱে বিচৰণ কৰি শস্য খাই তহিলং কৰিছে হাতীৰ জাকটোৱে । যাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । আনকি হাতীৰ ভয়ত নিশা চকুত টোপনি নোহোৱা হৈছে গাঁওবাসীৰ । ইতিমধ্যে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰা হৈছে যদিও এতিয়ালৈ হাতীৰ জাকটোক বনাঞ্চলৰ মাজলৈ খেদি পঠিওৱাৰ বাবে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত অধিক নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ ৰাইজ ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.