Mukro violence : মুক্ৰ'ৰ ঘটনাক গৰিহণা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ

By

Published : Dec 2, 2022, 2:00 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ৰ ঘটনাক লৈ ৰাজ্যত তীব্ৰ উত্তেজনা অব্যাহত আছে (Mukro violence)। ঘটনাৰ পাছতে ৰাজ্য চৰকাৰৰ পদক্ষেপক লৈ বিৰোধী দলসমূহে বিভিন্ন ধৰণে সমালোচনাও কৰিছে । ইয়াৰ মাজতে উক্ত উত্তেজনাপূৰ্ণ অঞ্চলটো পৰিদৰ্শন কৰিলে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে (West Karbi Anglong congress delegates visits Mukro)। জিলা কংগ্ৰেছৰ সভাপতি ছিং টেৰণ আৰু যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি উপস্থিত হৈ অসম তথা কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ দিয়ে । ইফালে অসমৰ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোক তথা সীমান্ত সুৰক্ষা বাহিনীৰ লোক সীমান্তত অসমবাসীক যাবলৈ বাধা আৰোপ কৰি থকাৰ বিপৰীতে মেঘালয়ৰ আৰক্ষীয়ে সীমান্তৰ পৰা ডেৰ কিলোমিটাৰ ভিতৰত অসমৰ ভূমিত প্ৰৱেশ কৰি পহৰা শিবিৰ পাতি থকা পৰিলক্ষিত হৈছে বুলিও দুয়োগৰাকী নেতাই অভিযোগ কৰে (congress condemns Mukro incident)। সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ গৃহ বিভাগে অৱহেলা কৰি থকা বুলিও কংগ্ৰেছ নেতাকেইগৰাকীয়ে অভিযোগ কৰে । ইফালে মেঘালয়ৰ ৰাইজে বিনা বাধা বা ভয় নোহোৱাকৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰি জিৰিকিণ্ডিং বজাৰত বজাৰ কৰি কোনো অসুবিধা নোহোৱাকৈ গৃহ ৰাজ্যলৈ উভতি যোৱাৰ বিপৰীতে অসম তথা কাৰ্বি আংলঙৰ ৰাইজৰ ক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.