তিনি দশকৰো অধিক কাল খহনীয়াৰ কবলত অসমৰ এখন গাঁও

By

Published : Sep 13, 2022, 1:48 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া ৰাইজক (Natural disaster in Assam) ৷ তৎসত্ত্বেও গুৰুত্ব নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ ৷ টীয়কৰ জাঁজীমুখত বাঁহৰ পাকুপাইন দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই আহিছে গঞাই ৷ ১৯৮৭ চন অৰ্থাৎ তিনি দশকৰো অধিক কাল লুইতৰ প্ৰৱল খহনীয়াত পৰি জুৰুলা হৈ অহা এইসকল লোকৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ সেয়ে সামৰ্থ অনুসৰি প্ৰবল গৰাখহনীয়াক ৰোধিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে নৈপৰীয়া ৰাইজসকলে ৷ টীয়কৰ জাঁজীমুখৰ এইসকল লোকে খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ জেং, গছৰ ডাল আদিৰে গৰাখহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখি আহিছে । মংগলবাৰে অৰ্থাৎ আজি মিচিং স্বায়ত্ত পৰিষদ থিয় দিছে ভুক্তভোগীসকলৰ কাষত ৷ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা জাঁজীমুখত বাঁহৰ পাৰ্কুপাইন দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰি জাঁজীমুখবাসীক সকাহ প্ৰদানৰ বাবে যত্ন কৰিছে পৰিষদে ৷ আজি পৰ্যন্ত কোনো চৰকাৰী স্থায়ী আচঁনিয়ে ঢুকি নোপোৱা জাঁজীমুখবাসীৰ বাবে ফলপ্ৰসু আঁচনি গ্ৰহণৰ বাবে একেদিনাখনেই আশ্বাস প্ৰদান কৰে যোৰহাট জলসম্পদ বিভাগে(Jorhat Water Resources Department) ৷ বিভাগটোৰ কাৰ্যবাহী অভিযন্তাসহ কেইবাগৰাকীও বিষয়ববীয়াই উক্ত খহনীয়া অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৰাইজক ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.