ৰঙিয়াত বিজেপিৰ সংকল্প যাত্ৰা

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 2:10 PM IST

thumbnail

ৰঙিয়া, 12 ডিচেম্বৰ: ৰঙিয়াত অব‍্যাহত আছে বিজেপি দলৰ সংকল্প যাত্ৰা । ৰঙিয়াৰ বড়িগোগৰ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত সংকল্প যাত্ৰাত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানটোৰ আৰম্ভণি কৰে বিধায়ক ভৱেশ কলিতাই । 

আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে আঁত ধৰা অনুষ্ঠানটোত প্ৰথমে উপস্থিত হিতাধিকাৰী তথা ৰাইজক শপত বাক্য পাঠ কৰোৱা হয় । ইয়াৰ পিছতে ৰাইজৰ উদ্দেশ্যে প্ৰস্তুত কৰা বিশেষ তথ্যচিত্ৰ এখনি প্ৰদৰ্শন কৰোৱা হয় । অনুষ্ঠানটোৰ উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই । 

কেন্দ্ৰীয় চৰকাৰে যিসমূহ আঁচনি হিতাধিকাৰীক প্ৰদান কৰিছে সেই আঁচনি হিতাধিকাৰীসকলে লাভ কৰি কেনেদৰে উপকৃত হৈছে আৰু চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজত অৱগত কৰোৱাই এই সংকল্প যাত্ৰা কাৰ্যসূচীৰ মূল লক্ষ্য । সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি মহিলাৰ নাম, নাটক আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ।

অনুষ্ঠানটোত আমিনগাওঁস্থিত এইমছ আৰু ৰঙিয়াৰ স্বাস্থ্যকৰ্মীৰ এটা দলে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে । শিবিৰত স্থানীয় লোকসকলৰ বিনামূলীয়াকৈ ৰক্তচাপ, মধুমেহ আৰু ৰক্তহীনতাৰ পৰীক্ষা কৰোৱা হয় । সংকল্প যাত্ৰা অনুষ্ঠানটোত কৃষি বিভাগে প্ৰদৰ্শন কৰে দ্ৰোণৰ কাৰুকাৰ্য ৷

লগতে পঢ়ক: সংকল্প যাত্ৰাক লৈ উখল-মাখল পৰিৱেশ ৰঙিয়াৰ বিছেন্নালা গাঁৱত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.