সাতগাঁৱত বিকশিত ভাৰত সংকল্প যাত্রাত সাংসদ কুইন ওজা

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:25 PM IST

thumbnail

গুৱাহাটী, ১৬ ডিচেম্বৰ: "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে প্ৰতিগৰাকী যোগ্য ব্যক্তিক চৰকাৰী আঁচনিৰ সা-সুবিধাসমূহ প্ৰদান কৰাৰ বাবে ৰাজ্যত সৰ্বাংগীন উন্নয়ন সম্ভৱ হৈছে । প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত দিয়া গেৰাণ্টিৰ অংশ হিচাপে বিকশিত ভাৰত আমি দেখিবলৈ পাইছো ।"এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ । দিছপুৰ সমষ্টিৰ অন্তৰ্গত সাতগাঁও দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত শনিবাৰে অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্রাৰ কার্যসূচীত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে এইদৰে মন্তব্য় আগবঢ়ায় ।  

সাংসদ কুইন ওজাই কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ ১৭ খন উন্নয়নমূলক আঁচনিয়ে অহা ২৫ বছৰৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰ নাইকিয়া কৰিব বুলি আশা প্ৰকাশ কৰে । এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিদিঅ' কনফাৰেন্স যোগে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত উপকৃত হিতাধিকাৰীৰ সৈতে হোৱা বাৰ্তালাপৰ দৃশ্য়াংশ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানটোত অসম চৰকাৰৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, স্থানীয় পাৰিষদ অসীম শইকীয়া আদি উপস্থিত থাকে ।

লগতে পঢ়ক:বুঢ়াপাহাৰত অঘটন, তীব্ৰ বেগী বাহনৰ খুন্দাত দুষ্প্ৰাপ্য টুপীমূৰীয়া বান্দৰৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.