Road Accident in Lakhimpur: লখিমপুৰত পথ দুৰ্ঘটনাত আহত দুই

By

Published : Dec 15, 2022, 9:42 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

লখিমপুৰত বুধবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ লখিমপুৰ নগৰৰ সমীপৰ কদম কছাৰী এলেকাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত দুগৰাকীকৈ আৰোহী গুৰুতৰভাৱে আহত হয় (Man injured in road accident in Lakhimpur) ৷ ইপিনে দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে হঠাৎ জুই জ্বলি উঠে বাহনখনত ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে যাত্ৰী দুগৰাকীৰ প্ৰাণ ৷ ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহনখনে ৷ ফলত আঘাপ্ৰাপ্ত হয় চালকজনৰ লগতে এজন আৰোহীও । উল্লেখ্য যে দুর্ঘটনা সংঘটিত হোৱাৰ পাছতে বাহনখনৰ ইঞ্জিনৰ পৰা জুই জ্বলি উঠে ৷ ঘটনা প্ৰত্যক্ষ কৰি সহায়ৰ বাবে দৌৰি আহে একাংশ স্থানীয় লোক । স্থানীয় লোকৰ সহায়ত বাহনখনৰ জুই নুমুৱাবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ আঘাপ্ৰাপ্ত দুয়োজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.