Rongali Bihu 2023: হাইদাং হুঁচৰিত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Apr 16, 2023, 9:34 PM IST

thumbnail

ডিব্ৰুগড়ৰ, ১৬ এপ্ৰিল: অসমৰ বিভিন্ন জনগোষ্ঠীসকলে পৰম্পৰাৰে পালন কৰিছে ৰঙালী বিহুটি ৷ বাদ পৰি ৰোৱা নাই অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকল (Sonowal Bihu celebrated in Sabuwa)৷ দেওবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত সোণোৱাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত হাইদাং হুঁচৰি পৰিৱেশন কৰা হয় । ৰাইজৰ সৈতে এই বিহুত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Union Minister Sarbananda Sonowal in Sabuwa)।

নীতি-নিয়মেৰে সোণোৱাল কছাৰীসকলে চোতালে চোতালে মাৰিছে হাইদাং হুঁচৰি (Rongali Bihu in Dibrugarh)। সোণোৱাল কছাৰীসকলে গৃহস্থৰ চোতালত হুঁচৰি মাৰি গাঁৱৰ ৰাইজে গৃহস্থক অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আশীৰ্বাদ প্ৰদান কৰে । উল্লেখ্য যে, সোণোৱাল কছাৰীসকলে অতীজৰে পৰা এই হাইদাং হুঁচৰি গাই আহিছে ৷ এডাল টকা বাঁহ গৃহস্থৰ চোতালত স্থাপন কৰি মাৰিৰে বজাই বজাই বিহু হুঁচৰি জোৰে সোণোৱাল কছাৰীসকলে ৷  

উল্লেখ্য় যে, সুকীয়া বৈশিষ্ট্য সম্পন্ন এই হাইদাং হুঁচৰিৰ গীত সমূহো জনগোষ্ঠীয় লোকগীতৰ ওপৰত আধাৰিত। সেয়েহে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শৈশৱৰ দিনবোৰলৈ মনত পেলাই এইদৰে ঐতিহাসিক হাইদাং হুঁচৰিত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ssam Goods Exporting : এবছৰত অসমৰ পৰা ৩০৮৪ কোটি টকাৰ খাদ্য সামগ্ৰী ৰপ্তানি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.