Union Minister Sanjeev Balyan: চাকৰিৰ পিচত নগৈ কৃষি কৰ্মক আঁকোৱালি লোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বল্যানৰ

By

Published : Mar 22, 2023, 10:43 PM IST

thumbnail

বাক্সা, ২২ মাৰ্চ: বাক্সা জিলাৰ মুছলপুৰত বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ড৹ সঞ্জীৱ বল্যান উপস্থিত হৈ জিলাখনৰ অগ্ৰগতি সম্পৰ্কে উপায়ুক্ত মাচান্দা মেগডেলিন পাৰ্টিন আৰু উচ্চ পদস্থ বিষয়াৰ লগত মতবিনিময় কৰে (Union Minister Dr Sanjeev Balyan at Baksa) ৷ ইয়াৰ পিছতেই ১১ বজাত মুছলপুৰৰ শান্তিপুৰ গাঁৱৰ কৃষক অনিল ডেকাৰ ঘৰত উপস্থিত হৈ কাঠফুলা খেতি পৰিদৰ্শন কৰে ৷ কাঠফুলা খেতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল বিচাৰধাৰাত আমি দেশখন আগুৱাই নিবলৈ প্ৰয়াস কৰিছো ৷ তেওঁ কয় যে, দেশৰ ১১৩ খন জিলা এতিয়াও সমভাবে আগুৱাই যোৱা নাই আৰু তাৰ ভিতৰত বাক্সা জিলাখনো এখন (Union Minister Interaction with Baksa officer)।  

কেন্দ্ৰীয় মন্ত্ৰী ড৹ সঞ্জীৱ বল্যানে কয়,"মই জিলাখনৰ উপায়ুক্ত আৰু উচ্চপদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি জানিব পাৰিছো যে মৌ পালন, ফাৰ্ম আদিৰ ক্ষেত্ৰত জিলাখনত যথেষ্টখিনি সুবিধা আছে । যুৱক -যুৱতী সকলে আগবাঢ়ি আহিলে কেন্দ্ৰীয় চৰকাৰে ৫০ শতাংশ ঋণ ৰেহাই দিব।’’ তেওঁ লগতে কয় যে, আমাৰ দেশখন আগুৱাই নিবলৈ হ'লে আমি প্ৰত্যেকেই আত্মনিৰ্ভৰশীল হ'ব লাগিব ৷

যুৱক-যুৱতী সকলক চাকৰিৰ পিছে পিছে দৌৰি নাথাকি কৰ্মসংস্থাপনৰ পথ মুকলি কৰি ল'বলৈ তেওঁ আহ্বান জনায় ৷ চৰকাৰে যুৱক- যুৱতী সকলক এই ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জিলাখনত থকা কৃষি, পানীযোগান আঁচনি, ধান বেচা-কিনা কেন্দ্ৰ আদিও পৰিদৰ্শন কৰে । 

লগতে পঢ়ক:Lat Maldal arrested: উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.