Two friends drowned: ধনশিৰি নদীত গা ধুবলৈ আহি দুই বন্ধুৰ সলিল সমাধি

By

Published : Aug 6, 2023, 9:25 PM IST

thumbnail

ডিফু, ৬ আগষ্ট : মৰ্মান্তিক ! দেশজুৰি বন্ধুত্ব দিৱস উদযাপন কৰি থকাৰ সময়তে খটখটীত সংঘটিত হৈছে অঘটন ৷ দেওবাৰে ধনশিৰি নৈত গা ধুবলৈ আহি দুই বন্ধুৰ সলিল সমাধি ঘটে ৷

প্ৰাপ্ত খবৰ অনুসৰি, খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ ছয় যুৱকৰ এটা দলে খটখটীলৈ আহিছিল এজন বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ ৷ তাৰে সুমিত কুৰি (২২) আৰু অব্ৰনীল বাসক (১৯) নামৰ যুৱক দুজনে খটখটীৰ জনক পুখুৰী এলেকাত আজি বিয়লি ধনশিৰি পাৰ নৈত গা ধুবলৈ গৈছিল ৷ তাৰ পিচতে তিনিজন যুৱক পানীত উটি যায়, তাৰে এজন কথমপি ৰক্ষা পৰে যদিও দুজন নৈত ডুব যায় ৷

ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকেই স্থানীয় লোক আৰু খটখটি আৰক্ষীয়ে দুয়োকে পানীৰ পৰা উদ্ধাৰ কৰি ডিমাপুৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ৷ সম্প্ৰতি দুয়োটা মৃতদেহ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: Brutal Murder in Guwahati: জেষ্ঠ ভাতৃৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.