Two Thieve Arrested: টেলিফোনৰ খুটা চুৰি কৰি ৰাইজৰ ৰোষত পৰিল দুই চোৰ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 7:20 PM IST

thumbnail

নলবাৰী, ২৪ আগষ্ট : নলবাৰীৰ মুগকুছিত দিন দুপৰতে চুৰি ঘটনা সংঘটিত হৈছে ৷ দিনৰ পোহৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুই গভাইত চোৰ । টেলিফোনৰ খুটা চুৰি কৰি থাকোঁতে স্থানীয় ৰাইজে হাতে লোটে ধৰে দুই গভাইত চোৰক । ইয়াৰ পিচতে ৰাইজে চোৰ দুটাক আটক কৰি উত্তম মধ্যম সোধাই । ধৃত দুই চোৰ মৃণাল দাস আৰু ছহিদুল আলী বুলি জানিব পৰা গৈছে । 

ধৃত দুই চোৰে প্ৰথমে ৰাইজৰ ৰোষত পৰিও চুৰিকাৰ্যৰ কথা স্বীকাৰ নকৰাত ৰাইজে পুনৰ উত্তম মধ্যম সোধোৱাতহে চুৰিকাৰ্যৰ কথা স্বীকাৰ কৰে । ধৃত দুই চোৰে দীৰ্ঘদিনৰে পৰা নলবাৰী চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত চুৰিকাৰ্য কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । ইয়াৰ পিচতে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ দুই চোৰক থানালৈ লৈ যায় ৷

লগতে পঢ়ক: Crime in Gohpur: গহপুৰত মটৰ চাইকেলসহ চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.