Dhubri theft incidents : ধুবুৰীত একেদিনাই দুটাকৈ চুৰিকাণ্ড, লক্ষাধিক টকাৰ লগতে বাইক চুৰি

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:33 AM IST

thumbnail

ধুবুৰী, 6 অক্টোবৰ : ধুবুৰীত সঘনাই এটাৰ পিচত আনটোকৈ চুৰিকাণ্ড আৰু ধন লুটৰ ঘটনা সংঘটিত হোৱাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণ ৷ বৃহস্পতিবাৰৰ দিনটোত চহৰখনৰ মাজমজিয়াত দুটাকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

ধুবুৰী পৌৰসভা কাৰ্যালয়ৰ নিচেই কাষতে পাৰ্কিং কৰি ৰখা এখন বাহনৰ পৰা চোৰে লুটি নিয়ে এটা টকাৰ বেগ । AS01DH 5376 নম্বৰৰ এখন বাহনৰ গ্লাছ ভাঙি মুঠ 1 লাখ 60 হাজাৰ টকাসহ এটা বেগ লৈ উধাও হয় চোৰ । ধুবুৰীৰ পানবাৰী অঞ্চলৰ ফুলচান্দ হক নামৰ ঠিকাদাৰ এজনে বেংকৰ পৰা টকাখিনি উলিয়াই নিজ বাহনখনত থৈ বিৰসিং জৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ যায় ।

সেই সময়ত কিনকিনিয়া বৰষুণ পৰি থকাৰ সুযোগ গ্ৰহণ কৰে চোৰে ৷ তাৰ পাচত চোৰে বাহনখনৰ গ্লাছ ভাঙি টকাৰ বেগটো উলিয়াই লৈ যায় ৷ চুৰি হোৱা টকাৰ বেগটোত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল বুলিও সদৰী কৰে ভুক্তভোগী ঠিকাদাৰজনে।

উক্ত দিনাই ধুবুৰী চহৰৰ বিদ্যাপাৰা মাৰ্কাজ মছজিদৰ সন্মুখত নিজৰ মটৰ চাইকেলখন থৈ এজন লোকে নামাজ পঢ়িবলৈ যায় ৷ তেনে সময়তে চোৰে সুযোগ বুজি উক্ত স্থানৰ পৰা মটৰ চাইকেলখন লৈ উধাও হয় । মটৰ চাইকেল চুৰি কাৰ্যৰ সকলো দৃশ্যাংশ বন্দী হয় চিচিটিভি কেমেৰাত । ঘটনা সংক্ৰান্তত দুই ভুক্তভোগী লোকে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লক্ষণীয় বিষয় যে, ইয়াৰ পূৰ্বে ধুবুৰী চহৰখনত বহুকেইটা ধন লুট আৰু চুৰি ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক:  Husband suspicious over wife: পত্নীক পৰ পুৰুষৰ লগত সন্দেহ, স্বামীৰ লক্ষ্মণ ৰেখা পাৰ হওঁতেই পত্নীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.