Heroine seized: 18 কোটি টকাৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By

Published : Jun 25, 2023, 7:46 PM IST

thumbnail

গুৱাহাটী, ২৫ জুন : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে গুৱাহাটী আৰু হাজোৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । এই অভিযানত জব্দ কৰা হৈছে প্ৰায় ১৮ কোটি টকাৰ ড্ৰাগছ । STF ৰ এটা বৃহৎ দল আৰু DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত হাজোত চলোৱা এক অভিযানত দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে মণিপুৰৰ আব্দুল হাছান আৰু মোস্তাক আলী বুলি জানিব পৰা গৈছে ৷ 

DIG পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে, এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হাজোত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনখনৰ পৰা 100 টা চাবোনৰ বাকচ জব্দ কৰা হয় ৷ চাবোনৰ বাকচ দুটাৰ পৰা 1300 গ্ৰাম হেৰ’ইন জব্দ কৰে । ইয়াৰ পিচতে দুই সৰবৰাহকাৰী থকা জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ বি জি কলনীৰ ফ্লেটত অভিযান চলায় ৬৫ টা চাবোন বাকচত থকা ৯০০ গ্ৰাম হেৰ’ইন জব্দ কৰে । দুই সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি মণিপুৰৰ পৰা হাজোলৈ লৈ আহিছিল । উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলি আছে যদিও সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: Mumbai woman attack : কুকুৰক আহাৰ খুৱাবলৈ যোৱা যুৱতীক চুৰি আৰু ব্লেডেৰে আক্ৰমণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.