Flood in Nalbari: অসম চৰকাৰৰ দুই মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বাান পীড়িত অঞ্চল

By

Published : Jun 23, 2023, 5:10 PM IST

thumbnail

নলবাৰী, ২৩ জুন: বান বিভীষিকাত জুৰুলা ৰাজ্যৰ জনতা । নামনি অসমত বৃদ্ধি পাইছে বানৰ সংহাৰ । এনে সময়তে নলবাৰীৰ ধমধমা নিকটৱৰ্তী জাৰতালুকত বানপীড়িত অঞ্চল আৰু মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাই ৷ হলাপৰাৰ পৰা বড়িকাদঙালৈ পাগলদিয়া নৈৰ মথাউৰি নথকাৰ বাবেই বছৰি নলবাৰী আৰু বাক্সা জিলাত বানত আক্ৰান্ত হ'বলগীয়া হয় বুলি মন্তব্য কৰে মন্ত্ৰী দুগৰাকীয়ে ৷  

এই বৰ্ষৰ ডিচেম্বৰ মাহত সেইখিনি মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰীকাই ৷ উল্লেখযোগ্য যে, ভূটানৰ পৰা অহা পানীয়ে পাগলাদিয়া নৈত প্ৰবেশ কৰি দুয়োখন জিলাৰ উক্ত অঞ্চলসমূহৰ সকলোতে বানে সংহাৰ চলাই আহিছে । অতি শীঘ্ৰে এই সকলো সমস্যাৰ সমাধান কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী দুগৰাকীয়ে । 

লগতে পঢ়ক: Manipur violence: সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰক অসমৰ বিশিষ্ট নাগৰিকৰ আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.