Vehicle Thief Arrested in Karimganj : কৰিমগঞ্জত বাইকসহ গ্ৰেপ্তাৰ আন্তঃৰাষ্ট্ৰীয় বাইক চোৰ

By

Published : Nov 7, 2022, 7:27 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী(Nilambazar Police Station) সফল অভিযান ৷ বাংলাদেশলৈ চোৰাংভাৱে বাইক সৰবৰাহ কৰাৰ সময়তে বাইকসহ আৰক্ষীয়ে আটক কৰিলে দুই আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক (Vehicle Thief Arrested in Karimganj)। ঘটনাৰ বিৱৰণী অনুসৰি নিলামবাজাৰ আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে এখন চুৰি কৰা বাইক দেওবাৰে নিশা বাংলাদেশলৈ সৰবৰাহ কৰা হ’ব (Illegally bike exportation to Bangladesh)। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে সীমান্ত এলেকাত অভিযান চলাই MZ01 W2392 নম্বৰৰ এখন R15 বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে দুর্গাপুৰৰ জমিল উদ্দিন আৰু দুলিয়াখালৰ ফাৰুক আহমদ নামৰ দুই বাইক চোৰক ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.