Drugs peddler detained: ড্ৰাগছ বিক্ৰী কৰিবলৈ যাওঁতেই হাতে লোটে ধৰা পৰিল দুই সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:28 PM IST

thumbnail

জনীয়া, 31 আগষ্ট : ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনে যিমানেই কঠোৰ স্থিতি অৱলম্বন কৰি আছে সিমানেই যেন ড্ৰাগছৰ বেহা আৰু সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হৈছে ৷ আৰক্ষীকো কেৰেপ নকৰে ড্ৰাগছ ব্যৱসায়ীয়ে । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰাত বৃহস্পতিবাৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । 

আজি ই-ৰিক্সাৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাতেই আবুল হুছেইন আৰু সাজেদুল ইছলাম নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে ৰাইজে কৰায়ত্ত কৰে। পৰৱৰ্তী সময়ত আবুল হুছেইনে ৰাইজৰ চকুত ধুলি ছটিয়াই পলাবলৈ সক্ষম হয় যদিও ৰাইজে আবুল হুছেইনৰ পিতৃ ইদ্ৰিছ আলীক মাতি আনি আৰক্ষীক চমজাই দিয়ে। 

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাই দীৰ্ঘদিনৰ পৰা ড্ৰাগছ বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ৰাইজে তিনিটাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। পৰবৰ্তী সময়ত দুয়ো অভিযুক্তক বৰপেটা সদৰ থানালৈ লৈ যায় আৰক্ষীয়ে ।

লগতে পঢ়ক: Youth dies drugs overdose: অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.