Road accident: দৰঙত ট্ৰাকে মহতিয়ালে বেলেন’ বাহন; দুজন নিহত

By

Published : Mar 28, 2023, 9:02 PM IST

thumbnail

দৰং, 28 মাৰ্চ: দৰঙৰ ধূলাত সোমবাৰে নিশা দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় (Road accident at Dhula)৷ প্ৰথমটো দুৰ্ঘটনাত তীব্ৰ বেগী ট্ৰাকে মহতিয়াই লৈ গ’ল এখন বেলেন’ বাহন (Two road accidents at Dhula)৷ থিতাতে নিহত হয় বেলেন’ বাহনখনত থকা দুজন যুৱক ৷ AS-01-DY 3700 নম্বৰ বেলেন’ বাহনখনক মহতিয়াই লৈ যায় WB 35 1707 নম্বৰৰ এখন ট্ৰাকে ৷ 

মৃত যুৱক দুজন খাৰুপেটীয়াৰ সন্দীপ দাস (২০) আৰু দ্বীপজ্যোতি বৰ্মন (১৯) বুলি জানিব পৰা গৈছে (Two dead in road accident) ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালকজন ৷ ইয়াৰ পিচতে দুৰ্ঘটনাস্থলীত JCB আৰু ক্ৰেঙৰ সহায়ত গাড়ীৰ ভিতৰৰ পৰা যুৱক দুজনৰ মৃতদেহ উলিওৱা হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷  

এই দুৰ্ঘটনাৰ প্ৰায় 2 ঘণ্টাৰ পিচতেই পুনৰ সৰকাৰ চ'কত অন্য এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন ভেনে ৷ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা এজনক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: Youth missing in Tinsukia: বৰডুমচাৰ পৰা সন্ধানহীন যুৱক; আলফা স্বাধীনত যোগদানৰ সন্দেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.