Road accident at Jonai: জোনাইত পথ দুৰ্ঘটনা থিতাতে নিহত দুই বাইক আৰোহী

By

Published : Jan 11, 2023, 10:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

জোনাইৰ চন্দপুৰ গাঁৱৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Jonai) ৷ সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন বাইক আৰোহী ৷ জানিব পৰা মতে জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰঘাই পথৰ চন্দ্ৰপুৰত জোনাই অভিমুখী সাপ্তাহিক বজাৰৰ মালবাহী ট্ৰাকত একে দিশৰ পৰা অহা এখন টিভি এছ বাইকে প্ৰচণ্ড জোৰে খুন্দা মাৰি ট্ৰাকখনৰ তলত সোমাই পৰে ৷ এই ঘটনাত বাইকত অহা আৰোহী দুজন থিতাতে নিহত হয়(Two Died in Road Acciden) ৷ ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ নিহত যুৱক দুজন ৰায়াং কুলি গাঁৱৰ নিজম পাতিৰ আৰু নুমল পাতিৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা গাড়ীসমূহৰ বেকলাইট নথকাত আৰু আপাৰ দিপাৰ নিদিয়াৰ ফলত সঘনাই জোনাইত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ প্ৰশাসনক এই গাড়ীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.