নলবাৰীত 'কা' আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 7:45 PM IST

thumbnail

নলবাৰী,১২ ডিচেম্বৰ: 'কা' আন্দোলনৰ চাৰিটা বছৰ সম্পূৰ্ণ । 'কা' আন্দোলনত ৰাজপথলৈ ওলাই আহি প্ৰাণ হেৰুওৱা পাঁচগৰাকী শ্বহীদলৈ আজি সমগ্ৰ ৰাজ্যতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্র সন্থাই । ২০১৯ চনৰ আজিৰ দিনটোতেই 'কা' বিৰোধী আন্দোলনত জপিয়াই পৰি শ্বহীদ হোৱা পঞ্চ শ্বহীদ ক্ৰমে দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিঙলৈ শ্ৰদ্ধাঞ্জলি জনাই ছাত্র সন্থাই ।  

অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰী শ্বহীদ ভৱনৰ বাকৰিতো নলবাৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা ৰিয়াজ উদ্দিন আহমেদৰ লগতে জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু স্থানীয় ৰাইজ ।  

লগতে পঢ়ক: মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.