ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:12 PM IST

thumbnail

ৰহা,১৭ ডিচেম্বৰ: শনিবাৰে সন্ধিয়া ৰহাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত এজন স্কুটী আৰোহী, গুৰুতৰভাৱে আহত হয় আন এজন । নিহতজনক ৰহাৰ মহম্মদ ইজাজ আনচাৰী বুলি চিনাক্ত কৰা হৈছে । ৰহা নতুন চাৰিআলিত সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । AS-02-AH-6687 নম্বৰৰ এখন স্কুটী আৰু নগাঁও অভিমুখী AS-02-AK-5290 নম্বৰৰ এখন বলেন' বাহনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা ।  

জানিবপৰা মতে স্কুটীত অহা লোকদুজনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই নগাঁও অভিমুখী তীব্ৰবেগী বলেন' বাহনখনে প্ৰচণ্ড খুন্দা মাৰে । ফলত থিতাতে নিহত হয় স্কুটীখনত থকা আজিজ আনচাৰী নামৰ লোকজনৰ । নিহত লোকজন ৰহাত টায়াৰ দোকানী আছিল । গুৰুতৰভাৱে আহত হয় স্কুটীখনৰ আনজন আৰোহী । পিচত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক নগাঁৱলৈ প্ৰেৰণ কৰে । আহত যুৱকজন দোকানৰ কৰ্মচাৰী আৰিফ বুলি জানিব পৰা গৈছে ।  

লগতে পঢ়ক: গহপুৰত অচিনাক্ত বাহনে মহতিয়াই নিলে শ্ৰমিকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.