Buffalo fight in Morigaon : পৰম্পৰা ৰক্ষা কৰি মৰিগাঁৱৰ বৈদ্যবড়ীত আয়োজন ম’হ যুঁজ

By

Published : Jan 16, 2023, 5:45 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

‘‘ম’হৰ শিং একুৰা, ম’হৰ শিং বেকুৰা ৷ ম’হৰ শিঙৰ মৌ মিঠা মাত । ম’হৰ শিঙৰ মাত শুনি থাকিব নোৱাৰো, এৰি যাওঁ পেটৰে ভাত ৷’’

আজি পহিলা মাঘ (First day of Magh) ৷ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে ম’হ যুঁজ (Buffalo fight in Assam) ৷ ইয়াৰে ব্যতিক্ৰম নহয় মৰিগাঁও ৷ মাঘৰ প্ৰথম দিনাই মৰিগাঁৱৰ বৈদ্যবড়ীত আয়োজন কৰা হৈছে পৰম্পৰাগৰত ম’হ যুঁজ (Buffalo fight held in Morigaon) ৷  এই ম’হ যুঁজ চাবলৈ ম’হ যুঁজস্থলীত বহু ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা পৰম্পৰাগত এই ম’হ যুঁজ অনুষ্ঠিত কৰি অহা হৈ আহিছে (Traditional buffalo fight)। কিন্তু ন্যায়ালয়ে ম’হ যুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ লগতে এইবাৰ মৰিগাঁও জিলা প্ৰশাসনৰ পৰাও ম’হ যুঁজ অনুষ্ঠিত কৰাক লৈ বাধা আৰোপ কৰিছিল ৷ কিন্তু ৰাইজৰ আদালত এই কথা মানি লোৱাহে দেখা নগ’ল ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.