Protest in Sivasagar: বৰ্ধিত পৌৰ কৰ প্ৰত্য়াহাৰৰ দাবীত শিৱসাগৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Mar 22, 2023, 7:05 PM IST

thumbnail

শিৱসাগৰ, ২২ মার্চ: বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত শিৱসাগৰত বুধবাৰে তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্য়স্ত কৰে (Trinamool Congress protest in Sivasagar)। শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তৃণমূল কৰ্মীয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰে । হাতে হাতে বেনাৰ-ফেষ্টুন লৈ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে শিৱসাগৰ পৌৰসভাৰ লগতে বিজেপিক তীব্ৰ সমালোচনা কৰে (Protest in sivasagar municipality office)।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰে পৌৰ নাগৰিকৰ ওপৰত অযুক্তিকৰভাৱে বৃদ্ধি কৰা পৌৰ কৰ প্ৰত্য়াহাৰ কৰাৰ দাবী উত্থাপন কৰে (Protest against municipality tax in Sivasagar)। বিজেপি চৰকাৰক মহম্মদ বিন টোঘলকৰ সৈতে তুলনা কৰি এইখন চৰকাৰে ৰাইজক আৰ্থিকভাৱে পংগু কৰা বুলি মন্তব্য় কৰে প্ৰতিবাদকাৰীসকলে । ক'ভিডকালিন পৰিস্থিতিয়ে ৰাইজৰ আৰ্থিক অৱস্থা শোচনীয় কৰাৰ পাছত ৰাইজক সকাহ দিয়াৰ সলনি কৰৰ বোজা জাপি দিয়া বুলি অভিযোগ কৰে তৃণমূলৰ নেতৃত্বই । অনতি পলমে চৰকাৰক এনে অযুক্তিকৰ কৰ সমূহ বাতিল কৰাৰ দাবী উত্থাপন কৰে তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক:Kashmir Earthquake: কাশ্মীৰত ভূমিকম্প, কেনে আছে অভিনেতা বিজয় আৰু লিঅ’ ছবিখনৰ বাকী সদস্য, জনালে নিৰ্মাতাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.