Drug peddlers arrested in Dibrugarh: ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ ধনসহ আটক তিনি ড্ৰাগছ সহবৰাহকাৰী

By

Published : Jan 7, 2023, 10:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জ্বল গগৈৰ সহযোগত শনিবাৰে তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Drug peddlers arrested in Dibrugarh) । তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে নগদ ৫ লাখ ৪৪ হাজাৰ টকাসহ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ প্ৰায় ২০ লক্ষাধিক টকাৰ ৩৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে(Drug seized in Dibrugarh) ৷ আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দলটোৰ পৰা AS-06-Q0436 নম্বৰৰ এখন বলেৰ' আৰু AS 23 K 1089 নম্বৰৰ এল্ট বাহনসহ ৫টাকৈ মোবাইল জব্দ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে তিনিচুকীয়াৰ ৰূপজিৎ বৰুৱা (২৮), যোৰহাট তিতাবৰৰ দাদু বৰুৱা(৪৩) আৰু তিতাবৰ মধুপুৰৰ মুকুল বৰুৱা (২৪) বুলি জানিব পৰা গৈছে । ড্ৰাগছ সৰবৰাহকাৰীকেইটাই গোলাঘাটৰ পৰা ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত ড্ৰাগছ যোগান ধৰিব আহোতেই এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মোহনবাৰী বাইপাছৰ পৰা আটাইকেইটাকে আটক কৰিবলৈ সক্ষম হয়(Drug Peddler Held in Dibrugarh With drug) ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.