Attempt to murder : হত্যাৰ অপচেষ্টা চলোৱা তিনি অপৰাধীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড, ৫০ হাজাৰ টকাৰ জৰিমনা

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 9:35 PM IST

thumbnail

বঙাইগাঁও, 20 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰী অতিৰিক্ত জিলা সত্ৰ ন্যায়ধীশৰ গুৰুত্বপূৰ্ণ ৰায় ৷ এজন লোকক নৃশংসভাৱে আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলোৱা অভিযুক্ত ৰহম আলী, চৰবেশ আলী আৰু বাদশ্বাহ মিঞাক 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 50 হাজাৰ টকা জৰিমনা বিহে আদালতে ৷ ইফালে জৰিমনা অনাদায়ৰ ক্ষেত্ৰত ২ বছৰ অতিৰিক্ত কাৰাবাস ঘোষণা কৰা হয় ৷

2015 চনৰ ডিচেম্বৰ মাহত অভয়াপুৰীৰ ভাদাইপাৰাত হুৰমুজ আলী নামৰ লোক এজনক ৰহম আলী, চৰবেশ আলী আৰু বাদশ্বাহ মিঞাই নৃশংসভাৱে আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায় ৷ এই আক্ৰমণত হুৰমুজ আলীয়ে মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ইয়াৰ পিচৰ পৰা যোৱা 8 বছৰ ধৰি দীৰ্ঘদিন ন্যায়িক যুঁজৰ অন্তত বুধবাৰে অভয়াপুৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ ভূপেন কুমাৰ নাথে আচামী তিনিটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 326/34 ধাৰাত চূড়ান্ত শাস্তি ঘোষণা কৰে ৷ আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়ায় চৰকাৰী অধিবক্তা চন্দন শৰ্মাই ৷ 

লগতে পঢ়ক: Theft Incident: দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.